যোৰহাটৰ জনতা ঘাটত "হিন্দুস্তানী নৱযুৱক সমাজ"ৰ দ্বাৰা আয়োজিত ছঠ পূজাৰ পৱিত্ৰ ক্ষণত যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ঘাট পৰিদৰ্শন কৰে।
@CMOfficeAssam @diprassam @DiproJorhat
1
69
মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন, ২০২৬-ৰ যোৰহাট জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক শ্ৰীমতী অনুজা ভূঞা (এ.চি.এছ.)য়ে আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱা আৰু ভোটকেন্দ্ৰসমূহৰ ব্যৱস্থাৱলী পৰিদৰ্শন কৰাৰ উদ্দেশ্যে ৩৩ নং যোৰহাট সমষ্টিৰ অধীনস্থ বিভিন্ন ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।
1
87
আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত জয় শিৱানী দেৱৰ সভাপতিত্বত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন – তৈলবীজ (NMEO-OS) ২০২৬-২৭ বৰ্ষৰ অধীনত ক্ষুদ্ৰ তেল কল (Mini Oil Mill) স্থাপনৰ হিতাধিকাৰী নিৰ্বাচনৰ উদ্দেশ্যে জিলা কাৰ্যবাহী সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
1
39
আজি টীয়ক পৌৰসভাৰ অধীনত অনুষ্ঠিত 'খেল মহাৰণ ৩.০'-ৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। ইয়াৰে কিছু দৃশ্যাংশ—
@CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
2
47
আগন্তুক মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন, ২০২৬-ৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
@CMOfficeAssam @diprassam @DiproJorhat
1
53
ছেনেগালৰ ডাকাৰত অনুষ্ঠিত যুৱ অলিম্পিক ক্ৰীড়াত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী সাঁতোৰবিদ তীৰ্থাংক পেগুক আজি যোৰহাট ছুইমিং ছ'চাইটি স্প'ৰ্টছ কমপ্লেক্সৰ উদ্যোগত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
@CMOfficeAssam
1
80
মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন, ২০২৬-ৰ যোৰহাট জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক শ্ৰীমতী অনুজা ভূঞা (এ.চি.এছ.)য়ে আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱা আৰু ভোটকেন্দ্ৰসমূহৰ ব্যৱস্থাৱলী পৰিদৰ্শন কৰাৰ উদ্দেশ্যে ৩৮ নং জাঁজী বিধানসভা সমষ্টিৰ অধীনস্থ বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰে।
1
50
যোৰহাট,শিৱসাগৰ আৰু গোলাঘাট জিলাৰ পৌৰসভাসমূহৰ সভাপতি,কাৰ্যবাহী বিষয়া,বিত্তীয় ব্যৱস্থাপনা বিষয়া,নগৰীয়া কাৰ্যিক বিষয়া তথা হিচাপৰক্ষকসকলৰ বাবে “বাজেট এছ.অ'.পি. আৰু অসম পৌৰসভা বাজেট মেনুৱেল” শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী আজি যোৰহাট জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।
31
আজীৱন স্বাস্থ্য সেৱা আৰু সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সমিতিৰ আয়োজনত যোৰহাটত মাতৃমৃত্যুৰ হাৰ হ্ৰাস আৰু ‘শূন্য মাতৃমৃত্যু সপ্তাহ’ পালনৰ প্ৰেক্ষাপটত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ পেনেল আলোচনা অনুষ্ঠিত হৈ যায়।
1
20
ৰাজ্যজুৰি উৎসাহ-উদ্দীপনাৰে চলি থকা 'খেল মহাৰণ ৩.০'ৰ অধীনত কলিয়াপানী উন্নয়ন খণ্ডৰ মধ্য টীয়ক গাঁও পঞ্চায়তৰ উদ্যোগত ৰজাবাৰী খেলপথাৰত আজি অনুষ্ঠিত হোৱা এথলেটিকছ আৰু ফুটবল খেলৰ কিছু আলোকচিত্ৰ।
@CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
1
35
সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো অতি উৎসাহ আৰু উলহ-মালহেৰে গাঁও পঞ্চায়ত পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা ‘খেল মহাৰণ ৩.০’ৰ শুভাৰম্ভণি অব্যাহত আছে। ইয়াৰ লগত সংগতি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬৬ নং পশ্চিম ঠেঙাল গ্ৰাম পঞ্চায়তত আজি এক বৰ্ণাঢ্য শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়।
1
76
আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ অধ্যক্ষতাত জিলা মীন বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখন মূলতঃ ১০নং টীয়ক টপটপী মীন মহলৰ বন্দোবস্তীকৰণ আৰু বাৰ্ষিক তালিকাৰ মূল্য পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হৈছিল।
@CMOfficeAssam
1
30
আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) নিৰ্বাচন, ২০২৬-ৰ পৰ্যবেক্ষক তথা অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব অনুজা ভূঞা, এ.চি.এছ. (ACS)-ৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
@CMOfficeAssam @diprassam @DiproJorhat
1
60
আগন্তুক মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন ২০২৬ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন ২০২৬ ৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত জয় শিৱানী মহোদয়ৰ সভাপতিত্বত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ কাৰ্য সফলতাৰে সম্পন্ন কৰা হয়।
1
34
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ অন্তৰ্গত ৯৯-টীয়ক, ১০০-যোৰহাট, ১০১-মৰিয়নি আৰু ১০২-তিতাবৰ বিধান সভা সমষ্টিৰ ০১-০১-২০২৭ তাৰিখটো অৰ্হতাৰ ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা খচৰা ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।
@CMOfficeAssam
2
41
টীয়ক পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ লগত সংগতি ৰাখি পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি অতি উৎসাহ আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়। খেলপথাৰত প্ৰতিযোগী খেলুৱৈসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
23
যোৰহাট জিলাৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিন্টামণি গড় গাঁও পঞ্চায়তৰ ঔগুৰি খেলপথাৰত ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ খেলুৱৈ প্ৰতিযোগিতাসমূহ অতি উৎসাহ আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়।
ইয়াৰ কিছু আলোকচিত্ৰ।
@CMOfficeAssam @diprassam @Assam_DSYW
1
28
মৰিয়নি পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ লগত সংগতি ৰাখি পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অতি উলহ-মালহেৰে অনুষ্ঠিত হৈ আছে। খেলপথাৰত প্ৰতিযোগী খেলুৱৈসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
1
30
যোৰহাট জিলাৰ মৰিয়নি পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত ‘খেল মহাৰণ ৩.০’ আৰু ‘শিশু ক্ৰীড়া সমাৰোহ’ৰ লগত সংগতি ৰাখি ভলীবল প্ৰতিযোগিতাখনি আজি অতি উৎসাহ আৰু উলহ-মালহেৰে অনুষ্ঠিত হয়। তাৰে কিছু দৃশ্যাংশ।
@CMOfficeAssam @diprassam @Assam_DSYW @DiproJorhat
খেল মহাৰণ ৩.০ ৰ অধীনত ভগামুখ গাঁও পঞ্চায়তৰ মৰিজাঁজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত, কলিয়াপানি উন্নয়ন খণ্ডৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা ফুটবল খেলখনে স্থানীয় ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি কৰে। তাৰে কেইখনমান আলোকচিত্ৰ।
@CMOfficeAssam @diprassam
1
44









































































